অসম ৰাজ্যিক আশিহাৰা কাৰাটে প্ৰতিযোগিতা : নাজিৰাৰ ৰজাপুল একাডেমীৰ কৃতিত্ব

PR NEWS ASSAM : ইংৰাজী ২০ আৰু ২১ জুলাই তাৰিখে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ভোটপাৰা ইন্দৰ ইষ্টেডিয়ামত অনুস্থিত হোৱাচতুৰ্থ সংখ্যক সদৌ অসম আশিহাৰা কাৰাটে প্ৰতিযোগিতাত ৰজাপুল আশিহাৰা কাৰাটে একাডেমীৰ পৰা পাঁচ জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি আটাই কেইজনেই পদক পাবলৈ সক্ষম হয় ৷প্ৰতিযোগিতাত হিমাংশু দুৱৰাই সোণৰ প্ৰতীম শইকীয়া মনীষ কৌৰীয়ে ৰূপৰ দেবাংকু চেতিয়া আৰু প্ৰজ্ঞানিকা চুতীয়াই ব্ৰুঞ্জৰ পদক পাবলৈ সক্ষম হয় ৷ৰজাপুলৰ পৰা যা প্ৰতিযোগিৰ দ’লটোৰ মুখ্য প্ৰশিক্ষক হিচাবে ৰত্ন শইকীয়া আৰু টিম মেনেজাৰৰ দায়িত্ব ত প্ৰবীণ দৌৰ বিদ মনৌজ কৌৰীয়ে নেতৃত্ব দিছিল ৷আশিহাৰা কাৰাটে একাডেমীৰ সফলতা লাভ কৰি অঞ্চলটিলৈ সু নাম কঢ়িয়াই অনাত একাডেমীৰ ছাত্ৰ -ছাত্ৰীৰ অভিভাৱক আৰু স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷