টিহু বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ অৰ্ধশতাধিক কৰ্মীচাৰীৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰনয়ণ কৰিব বিচৰা নতুন বিদ্যুৎ সংশোধনী বিলৰ দ্বাৰা ৰাজ্যসমূহৰ বিদ্যুৎ খণ্ড সমূহ ব্যক্তিগত বনিয়াৰ হাতত গতাই দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ। ১৯৫৮চনৰ পৰা সেৱা আগবঢ়াই অহা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সেৱা আগবঢ়াই আহিছে আৰু ইয়াক ব্যক্তিগতকৰণ কৰিলে জংগী আন্দোলনৰ হুংকাৰ । বিদ্যুৎ খণ্ড সমূহ ব্যক্তিগত বনিয়াৰ হাতলৈ গ’লে বিদ্যুৎ মাচুল অত্যাধিক বৃদ্ধিৰ শংকা, প্ৰতিটো জাতীয় সংগঠনক চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান কৰ্মী সকলৰ।আনহাতে বিদ্যুত কৰ্মী সকলৰ প্ৰতিবাদৰ ফলত কাৰ্যালয় তথা কৰ্মথলী খালী হৈ পৰে৷ গ্ৰাহকসকলেও সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷