* সাৰ বিতৰণ প্ৰণালীৰ সু-শৃংখলিতকৰণ
কেবিনেটে সাৰ বিতৰণৰ বাবে এছ অ’ পিত অনুমোদন জনাইছে আৰু ৰাজ্যজুৰি সাৰ বিতৰণ অধিক স্বচ্ছতাৰে সম্পন্ন কৰিবলৈ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক দায়িত্ব অর্পণ কৰিছে
* শক্তিশালী গ্রাম্য সুৰক্ষা
কেবিনেটে অসম গাঁওৰক্ষী সংগঠন বিধি, ১৯৮৬ সংশোধন কৰি অসম গাঁওৰক্ষী সংগঠন পুনর্গঠনত অনুমোদন জনাইছে
* বান প্ৰতিৰোধী অসমৰ পদক্ষেপ
কেবিনেটে জলবায়ু স্থিতিস্থাপক ব্রহ্মপুত্র সংহত বান আৰু নদীপাৰৰ খহনীয়া বিপদাশংকা ব্যবস্থাপনা প্ৰকল্পৰ অতিৰিক্ত বিত্তীয় প্রকল্প (পর্যায় ২)ৰ বাবে ২,২০৫.৭৫ কোটি টকাত অনুমোদন জনাইছে
অতিৰিক্ত বিত্তীয় প্রকল্পটোৱে অসমৰ প্ৰায় ১৩ খন জিলাৰ ৭৬ কিল ‘মিটাৰৰ খহনীয়া প্ৰতিৰোধী কাম, ৩৩ কিঃমিঃ মথাউৰিৰ কাম আৰু ১৭.৭২ কিঃমিঃৰ পলস ভূমিৰ কাম সামৰি ল’ব
* খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিতকৰণ
কেবিনেটে অসম ভূমি নীতি, ২০১৯ ত সংশোধনীত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে মিছন বসুন্ধৰা ২.০ ৰ সময়ত জনজাতীয় সম্প্ৰদায়ৰ ক্ষেত্ৰত কৰা পদক্ষেপৰ দৰে মৰাণ আৰু মটক জনগোষ্ঠীৰ উত্তৰাধিকাৰ ভূমিৰ ৫০ বিঘাপর্যন্ত নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব৷

