PR NEWS ASSAM, ২০ জুলাইঃ ৰাজ্যিক চিপিআইৰ সম্পাদক কনক গগৈয়ে ৰাজ্যৰ বিভিন্ন স্থানত চলাই থকা “অমানৱীয় আৰু বৰ্বৰ” উচ্ছেদ অভিযান অনতিপলমে বন্ধ কৰিবলৈ অনুৰোধ জনাইছে আৰু কয় যে যদি মানুহক উচ্ছেদ কৰিব লাগে তেন্তে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আৰু উচ্ছেদ কৰা লোকসকলক পুনৰ সংস্থাপনৰ বিকল্প ব্যৱস্থা কৰি কৰিব লাগে৷এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে ,যদি উচ্ছেদিত লোকসকলক বাংলাদেশী বা বিদেশী বুলি চিনাক্ত কৰা হৈছে তেন্তে চুবুৰীয়া দেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে তেওঁলোকক পিছুৱাই ঠেলি দিব লাগে।মুখ্যমন্ত্ৰীয়ে যি কৰিছে সেয়া স্ব-বিৰোধী কাৰণ চৰকাৰে উচ্ছেদ কৰা লোকসকলক ৫০ হাজাৰ টকাকৈ আৰু ডেৰ কঠাকৈ মাটিৰ এককালীন সাহায্য দিছে। এতিয়া যিকোনো ব্যক্তিয়ে বুজিব পাৰিব যে মুখ্যমন্ত্ৰীয়ে প্ৰকৃততে উচ্ছেদৰ জৰিয়তে পুনৰ উদ্ধাৰ কৰা মাটিখিনি গতাই দিব বিচাৰে। আদানী, আম্বানী, আৰু ৰামদেৱৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দৰদ বুলি কয়৷ৰাজ্যিক চিপিআই নেতাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা ব্যক্তিগতকৰণ নীতি আৰু অসমৰ মাটি কৰ্পৰেট গোটক গতাই দিয়াৰ পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ আৰু দাবী কৰে যে ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিহীন লোকক ভূমি পট্টা দিব লাগে।ৰাজ্যৰ পৰৱর্তী বিধানসভা নির্বাচনত বিজেপিক পৰাজিত কৰিবলৈ ৰাজ্যৰ সকলো বিৰোধী দলকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ গগৈয়ে আহবান জনায়৷শেহতীয়াকৈ ম্যানমাৰৰ পৰেশ বৰুৱা নেতৃত্বাধীন আলফাৰ শিবিৰত চৰকাৰক কঠোৰ সমালোচনা কৰে ৰাজ্যিক চিপিআইৰ সম্পাদকগৰাকীয়ে।ম্যানমাৰৰ বিদ্ৰোহী সংগঠনটোৰ শিবিৰত আক্ৰমণ চলাই পৰেশ বৰুৱা নেতৃত্বাধীন আলফাৰ দলটোৰ সৈতে আলোচনাৰ দুৱাৰ বন্ধ কৰাৰ চেষ্টা কৰিছে।আলফাৰ বিষয়টোক চৰকাৰে আইন-শৃংখলা বুলি গণ্য কৰা উচিত নহয়।
‘অমানৱীয়, বৰ্বৰ’ উচ্ছেদ অভিযান বন্ধ কৰক: ৰাজ্যিক চিপিআইৰ হুংকাৰ ৷
