শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু নাজিৰাৰ মহকুমাধিপতিৰ ক’ভিদ কেয়াৰ চেন্টাৰ তথা চিকিৎসালয়খন পৰিদৰ্শন৷


নাজিৰা,১৪ মে’: শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তৰ উপস্থিতিত আজি নাজিৰাৰ  লিগিৰীপুখুৰী স্থিত প্ৰস্তাৱিত ক’ভিদ কেয়াৰ চেন্টাৰ তথা চিকিৎসালয়খন পৰিদৰ্শন কৰে। বৰ্তমানলৈকে চিকিৎসালয়খনৰ নিৰ্মাণকার্য অব্যাহত আছে। উপায়ুক্ত আৰু মহকুমাধিপতিয়ে কন্টেইনমেন্ট আৱাসত থকা কেইবাটাও পৰিয়ালৰ সৈতেও সম্পূৰ্ণ ক’ভিড প্রট’কল মানি মত বিনিময় কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। তদুপৰি ৰোগী সকলে ক’ভিড-১৯ ৰ বিৰুদ্ধে নিয়মীয়াকৈ ল’বলগীয়া সাৱধানতা সমূহ অৱলম্বন কৰিছে নে নাই, লগতে ৰেচনৰ খাদ্য সামগ্ৰী সমূহ সময় মতে লাভ কৰিছে নে নাই সেই বিষয়েও তেওঁলোকে বুজ লয়। উপায়ুক্ত গৰাকীয়ে কয় যে, “আমি কভিদ পৰীক্ষা কৰাতো অত্যন্ত গুৰুত্ব সহকাৰে লৈছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে কভিদ ৰোগী সকলক চিনাক্ত কৰি তেওঁলোকক আছুতীয়া কৰা। ৰোগীসকলক আছুতীয়া কৰিলে অতি সোনকালে আমাৰ পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ আনিব পৰা যাব।”মহকুমাধিপতি লখিমী দত্তই কয় যে, “এই জটিল সময়ছোৱাত আমি সকলোৱে একেলগে যুঁজ কৰিব লাগিব। সকলোৱে মাস্ক পৰিধান কৰিলে আৰু ক’ভিডৰ নিয়ম-নীতি সমূহ মানি চলিলে অহা ১৫ দিনৰ ভিতৰত নিশ্চয়কৈ এটা ভাল ফলাফল পোৱা যাব৷